Ads Area

200 Years of Assam's Tea Industry

অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ 

বিশ্লেষণ-

    ।।ডঃ দেৱজিৎ মহন্ত।।

    ৰবাৰ্ট ব্ৰুচে ১৮২৩ চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্রথম আৱিস্কাৰ কৰা অসমৰ চাহ উদ্যোগে ২০২৩ বৰ্ষত ২০০ বছৰত ভৰি দিছে। অসমৰ সৰ্বমুঠ কৰ্মচাৰীৰ ২০ শতাংশ কৰ্মচাৰী নিয়োজিত হৈ আছে চাহ উদ্যোগত, অসমৰ অৰ্থনীতিৰ সৰ্বমুঠ ৰাজহৰ ১৫ শতাংশ ধন আহে চাহ উদ্যোগৰপৰা। অসমৰ ৰপ্তানিৰ প্রায় ৯০ শতাংশ হৈছে চাহ। চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰিয়েই অসমত প্রায় ১.২২ লাখ ক্ষুদ্ৰ চাহ উদ্যোগীয়ে নিজকে স্বাৱলম্বী কৰি অসমৰ অৰ্থনীতিত অৰিহণা যোগাই আহিছে। 2022-23 বিত্তীয় বৰ্ষত অসমে চাহ উৎপাদন কৰিছে প্রায় ৭০০ মিলিয়ন কেজি বা ৭০ কোটি কেজি। প্রতিকেজিৰ বজাৰমূল্য ১৫০ টকা ধৰিলে অসমে চাহৰ জৰিয়তে বছৰি ব্যৱসায় কৰিছে ১০,৫০০ কোটি টকা। তথ্যই প্রতিপন্ন কৰে অসমৰ নিৱনুৱা সমস্যা সমাধান আৰু ব্যৱসায়িক মূল্যৰ দিশৰপৰা অসমৰ চাহপাতে অসমৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

    গৌৰৱময় ২০০ বছৰত ভৰি দিয়া অসমৰ চাহ উদ্যোগৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱা বাগানৰ শ্ৰমিকৰ সংঘাত, শ্রমিক আৰু মালিকৰ মাজত হোৱা মতভেদ, সন্ত্রাসবাদী সংগঠনৰ মালিক আৰু শ্ৰমিকক দিয়া ভাবুকি, বিশ্বব্যাপী অর্থনৈতিক সংকটৰ বাবে সৃষ্টি হোৱা নিম্নমুখী ৰপ্তানীৰ ধাৰাই প্ৰশ্নৰ সৃষ্টি কৰিছে ভাৰতৰ ৫০ শতাংশতকৈও অধিক চাহপাত উৎপাদন কৰা অসমৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড হৈ থাকিব পাৰিবনে?

    অসম তথা ভাৰতৰ চাহপাতে আন্তৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ ক্ষেত্ৰত দুটা প্রধান প্ৰত্যাহ্বান ৰূপে থিয় দিছে কেনীয়া, শ্রীলংকা, ভিয়েটনাম আৰু কিউবাত উৎপাদিত চাহপাত অসমৰ চাহপাততকৈ কম মূল্যত উপলব্ধ আৰু দ্বিতীয় ৰাছিয়া-ইউক্রেনৰ যুদ্ধৰ পিছত ভাৰতৰ টকাৰ মূল্যমান ডলাৰৰ বিপৰীতে ঐতিহাসিক হ্রাস। আন্তৰাষ্ট্ৰীয় বজাৰৰ লগত সমানে সমানে প্রতিযোগিতাত নামিবলৈ হলে অসমৰ চাহ উদ্যোগে ৬০ বছৰতকৈ পূৰণি (চাহ বিশেষজ্ঞৰ মতে এজোপা চাহগছৰ জীৱনকাল ৬০ বছৰ) চাহগছসমূহ পর্যায়ক্রমে উঠাই নতুন চাহপূলি ৰোপণ, সাৰৰ প্ৰয়োগৰ আধুনিকীকৰণ আৰু আটাইতকৈ প্ৰয়োজনীয় কৰ্মচাৰী আৰু মেনেজাৰৰ বিজ্ঞানসন্মত কর্মপটুতা বৃদ্ধি কৰিব লাগিব।

    শ্রমিক আৰু মালিকপক্ষৰ মাজত সঘনাই সংঘটিত সংঘাতৰ সমাধান কৰিবলৈ দুয়োপক্ষৰ মাজত বিষয়বস্তুকলৈ হব লাগিব এক সৌহাদ্যপূর্ণ আলোচনা। মালিক বা কর্তৃপক্ষই অনুধাবন কৰিব পাৰিব লাগিব ২০ বছৰ আগৰ বেছিভাগ শ্রমিক আছিল নিৰক্ষৰ, মালিকপক্ষই নিজৰ ইচ্ছামতে চলাব পাৰিছিল কিন্তু সেই শ্ৰমিকৰ ল'ৰা-ছোৱালী আজি কালি পঢ়া-শুনা কৰি শিক্ষিত হৈছে, জনা হৈছে নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ কৰ্মচাৰীৰ সংখ্যা নিৰ্ভৰ কৰে বাগানখনৰপৰা উৎপাদন কথা। যেতিয়াই তেওঁলোকৰ নিজৰ অধিকাৰ বা প্ৰাপ্যৰপৰা বঞ্চিত কৰা হয় তেতিয়াই সৃষ্টি হয় সংঘাতৰ। উদাহৰণস্বৰূপে ২২ আগষ্ট ২০২২ চনত অসম চৰকাৰে বাগানৰ শ্ৰমিকৰ মজুৰি নিৰ্দ্ধাৰণ কৰিছে ব্ৰহ্মপুত্র উপত্যকাৰ বাবে প্রতিদিনে ২৩২ টকা আৰু বৰাক উপত্যকাৰ বাবে ২১২ টকা। শ্রমিকক যদি কতৃপক্ষই ইয়াতকৈ কম মজুৰি দিয়ে সৃষ্টি হয় সংঘাতৰ। ইয়াৰউপৰিও বাগানৰ বহু মহিলাক স্থায়ী বনুৱাৰ পৰিবৰ্তে অস্থায়ী ছোৱালী বনুৱাৰ মজুৰী আগবঢ়ায় যাৰ ফলত তেওঁলোক বঞ্চিত হয় মেটাৰনিটি বেনিফিটকে ধৰি অন্যান্য কিছুমান সুবিধাৰপৰা, ফলত সৃষ্টি হয় সংঘাতৰ। লগতে শ্ৰমিকসকলৰো বোধগম্য হোৱাৰ প্ৰয়োজনীয়তা আছে যে তেওঁলোকৰ পিতৃ-মাতৃয়ে বাগানত কাম কৰা বাবেই তেওঁলোকক স্থায়ী কৰ্মচাৰী হিচাপে বাগান কৰ্তৃপক্ষই লব নোৱাৰিবও পাৰে। বাগান এখনত কৰিবপৰা চাহপাতৰ ওপৰত।

    ২০০ বছৰ উপলক্ষে ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক বাজেটত ঘোষণা কৰা কিছু পদক্ষেপ উল্লেখ নকৰিলে এই প্রতিবেদন আধৰুৱা হব। ২০২৩ ৰপৰা ২০২৫ চনলৈকে চাহৰ ওপৰত কৃষি আয়কৰ ৰেহাই আদৰণীয় পদক্ষেপ। অসমৰ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ মজুৰী ক্ষতিপূৰণ আচনীৰ অধীনত ক্ষতিপূৰণৰ এককালীন সাহায্যৰ পৰিমাণ ১২,০০০ টকাৰপৰা ১৫,০০০ টকালৈ বৃদ্ধি, মূখ্যমন্ত্ৰী আৱাস আচনীৰ অধীনত চাহ বাগিচাৰ শ্রমিক লাইনত ১০,০০০ গৃহ নিৰ্মাণ, চাহ-বাগিচা আৰু আদিবাসী সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত এটা পৃথক উপ-শ্রেণী হিচাপে স্বীকৃতি প্রদান কৰি অবিচি ২৭ শতাংশ সংৰক্ষণৰ তিনি শতাংশ সুকীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰা, অসমৰ চাহ উদ্যোগ বিশেষ উদগণিমূলক আঁচনি, ২০২০ ৰ অধীনত অর্থডস্ক চাহ আৰু বিশেষত্ব থকা চাহৰ উৎপাদনক উদগনি যোগোৱাৰ অৰ্থে প্ৰকিলো চাহৰ বিপৰীতে পূৰ্বৰ ১০ টকা ৰাজসাহায্যৰ পৰিমাণ ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২ টকালৈ বৃদ্ধিও ইতিবাচক।

    তৰুণ গগৈ নেতৃত্বাধীন ২০১৫-১৬ ৰ শেষৰখন চৰকাৰৰ সময়ত অসমৰ চাহ শ্ৰমিকৰ মজুৰি আছিল প্রতিদিনে ব্রহ্মপুত্র উপত্যকাত ১৩৭ টকা আৰু বৰাক উপত্যকাত ১১৭ টকা। বিজেপি নিতৃত্বাধীন কার্যকালত ৯৫ টকা বৃদ্ধি কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত হয়গৈ ২৩২ টকা আৰু বৰাক উপত্যকাত ২২ টকা । চাহ জনগোষ্ঠিৰ পবিত্র ২৫ ছেপ্তেম্বৰৰ কৰম পূজাক অসম চৰকাৰে ২০২১ চনৰপৰা চৰকাৰী বন্ধৰ ঘোষণা, চাহ জনগোষ্ঠীৰ পূজনীয় চাইমন সিং হৰৰ পবিত্ৰ স্মৃতিত দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কৰা জলপানিৰ ঘোষণা আৰু দয়াল সিং পানিকাৰ নামত ২৫,০০০ টকাৰ স্বনিয়োজনৰ আচনিৰ ঘোষণাই চাহ জনগোষ্ঠীৰ প্ৰতি চৰকাৰৰ সদিচ্ছাৰ মনোভাৱক প্রতিফলিত কৰিছে। অসমৰ সৰ্বমূঠ চাহ উৎপাদনৰ ২৫ শতাংশ বৰঙণি আগবঢ়োৱা ক্ষুদ্ৰ চাহ খেতিয়কৰপৰা ২০০৯ চনৰপৰা প্রতিকেজি কেচা চাহপাতৰ বিপৰীতে ২০ পইচাকৈ উপকৰ সংগ্ৰহ কৰিছিল পিছত পৰ্যায়ক্ৰমে কমাই আনি ২০১৮ চনৰপৰা সম্পূৰ্ণৰূপ উঠাই লোৱা সিদ্ধান্তই ক্ষুদ্র চাহ উদ্যোগীসকলক উপকৃত কৰিছে। চাহবাগান অধ্যুষিত অঞ্চলত চৰকাৰে আদৰ্শ বিদ্যালয় আৰু বাগান কর্তৃপক্ষৰ অধীনত পৰিচালিত বিদ্যালয়ত চৰকাৰী শিক্ষক নিযুক্তি প্ৰদানৰ ব্যৱস্থাই চাহ অধ্যুষিত অঞ্চলত শিক্ষাৰ সম্প্ৰসাৰণত সহায় কৰিব। চাহ উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ চাহ বৰ্ডৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। চাহ বৰ্ডে চাহ উদ্যোগৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ ভিতৰত কিছুমান হৈছে ক্ষুদ্র বা মজলীয়া বাগানত চাহ পুলি ৰোপণ আৰু উন্নয়নৰ বাবে প্ৰতি হেক্টৰৰ বাবে আগবঢ়ায় সর্বোচ্ছ ৪৩,০০০ আৰু ডাঙৰ বাগানৰ বাবে ৫২,০০০ টকা, জলসিঞ্চনৰ বাবে ১০,০০০ টকা প্রতি হেক্টৰত, খোৱাপানীৰ বাবে ১২,০০০ টকা প্রতি ইউনিটত (এক ইউনিট মানে ২০০ কৰ্মচাৰী), শৌচালয় প্রতি ১০০ লোকৰ বিপৰীতে ১৫০০ টকা, বিদ্যালয় ঘৰৰ বাবে সর্বোচ্ছ ৮ লাখ টকা, কলঘৰ স্থাপনৰ বাবে সর্বোচ্চ ২৫ লাখ টকা। এই সকলো সেৱা উপলব্ধ কৰিবলৈ হলে চাহ বৰ্ডৰ সদস্যভূক্ত হোৱাটো বাধ্যতামূলক। অসম, পশ্চিমবংগ, কেৰেলা, কৰ্ণাটক, ত্রিবান্দ্ৰাৰমকে ধৰি কেইখনমান ৰাজ্যইহে ভাৰতৰ চাহপাত উৎপাদন কৰি আহিছে। চাহবাগানসমূহৰ কৰ্মচাৰী আৰু ইয়াৰ লগত জড়িত বিভিন্ন সমস্যা সমাধান আৰু সেৱাসমূহ উপলব্ধ কৰিবৰ বাবে চাহ বর্ডে প্রত্যেক ৰাজ্যতে চাহ বৰ্ডৰ একোটাকৈ কাৰ্যালয় স্থাপন কৰিব লাগে। ভাৰতৰ সংবিধানত চাহ কেন্দ্ৰীয় সূচীৰ অন্তৰ্ভূক্ত, ৰাজ্যিক চৰকাৰসমূহক অধিক ক্ষমতা প্রদান কৰিবৰ বাবে সংবিধান সূচীৰ সংশোধন কৰি চাহক সমৱৰ্তী বা ৰাজ্যিক সূচীৰ অন্তৰ্ভূক্ত কৰিব লাগে। অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ অনুৰোধক্ৰমে ২০০৮ চনত ভাৰত চৰকাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত কলিকতা, শিলিগুৰি, কোৰ্ণৰ, কইমবাটুৰ, কোচিনৰ লগতে গুৱাহাটীতো ইলেকট্রনিক চাহ নিলাম কেন্দ্র স্থাপন কৰিছে। অসমৰ চাহবাগানসমূহৰ কৰ্তৃপক্ষই চাহ ব্ৰকাৰ বা মধ্যভোগীৰ জৰিয়তে উৎপাদিত চাহপাত বিক্ৰী কৰাতকৈ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে ক্রয়বিক্রয় কৰিব লাগে যাৰফলত চাহ উদ্যোগীসকলে উচিত মূল্য লাভ কৰিব। শেষত, কেঁচাপাতৰপৰা চাহপাত উৎপাদন কৰি বিক্ৰি কৰাটোয়েই শেষ পর্যায় বুলি নেভাৱি চিন্তা কৰিব লাগিব নিজাকৈ চাহপাত্ৰপৰা পেকেজিং আৰু ব্ৰেংণ্ডি কৰাৰ।

Post a Comment

0 Comments